1 ৰাজা 18:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201936 পাছত সন্ধিয়া বেলাৰ নৈবেদ্য দিয়াৰ সময়ত এলিয়া ভাববাদীয়ে ওচৰলৈ আহি ক’লে, “হে অব্ৰাহামৰ, ইচহাকৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ মাজত তুমিয়েই যে ঈশ্বৰ আৰু মই তোমাৰ দাস, আৰু তোমাৰ বাক্যৰ প্ৰভাৱত মই যে এই সকলো কাৰ্য কৰিছোঁ, ইয়াক আজি সকলোৱে জানক। অধ্যায়টো চাওক |
উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”
পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।