Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 16:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 16:26
18 পৰস্পৰ সংযোগসমূহ  

বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।


তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল।


“যদিও মই তোমাক ধূলিৰ পৰা তুলি মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ, তথাপিও তুমি যাৰবিয়ামৰ পথত চলিলা আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ পাপৰ দ্বাৰাই মোৰ ক্রোধ জন্মাবলৈ তেওঁলোকক পাপত লিপ্ত কৰিবলৈ দিলা।


অম্ৰীৰ আন অৱশিষ্ট কাৰ্যৰ বৃত্তান্তৰ বিষয়ে, তেওঁ দেখুউৱা পৰাক্ৰমৰ কথা, সেই বিষয়ে ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?


হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷


যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।


কিয়নো জাতিবোৰৰ ৰীতি-নীতিবোৰ অসাৰ। কাৰণ এজন মানুহে কাঠনিৰ পৰা এডাল গছ কাটি উলিয়ায়; সেয়ে কুঠাৰেৰে কৰা মানুহৰ হাতৰ কাৰ্য হৈ উঠে।


কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।


জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।


হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।


কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে,


চোৱা! অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাতৰোক্তিৰ স্বৰ শুনা গৈছে। যিহোৱা চিয়োনত নাই নে? তাৰ ৰজা তাৰ ভিতৰত নাই নে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে?


অম্ৰীৰ বিধিবোৰ, আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা, তোমালোকে তেওঁলোকৰ উপদেশত চলিছিলা; সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম, আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব, মোৰ লোকসকলৰ অৱজ্ঞা তোমালোকে বহন কৰিবা।”


“ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।


যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন