Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 16:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 পাছত তেওঁ দুই কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰিয়া পৰ্বত কিনি ল’লে৷ আৰু তাৰ ওপৰত এখন নগৰ সাজি, সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই, তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰিয়া ৰাখিলে।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 16:24
16 পৰস্পৰ সংযোগসমূহ  

কিয়নো বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে আৰু চমৰিয়াৰ নগৰবোৰত থকা পবিত্ৰ ঠাইবোৰত আটাই ঘৰৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ দ্বাৰাই এওঁ যি ঘোষণা কৰিছিল, সেয়ে অৱশ্যে সিদ্ধ হ’ব।”


অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।


হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।


যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল।


এইদৰে ৰজা আহাবৰ মৃত্যু হ’ল; তেওঁক চমৰিয়ালৈ অনা হ’ল আৰু লোকসকলে চমৰিয়াত তেওঁক মৈদাম দিলে।।


পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।


তেতিয়া এলিয়াই আহাবক দৰ্শন দিবলৈ গ’ল। সেই কালত চমৰিয়াত অতি বেছি আকাল হৈছিল।


তেওঁ চমৰিয়াত নিৰ্মাণ কৰা বালৰ গৃহত বালৰ কাৰণে এটা যজ্ঞবেদীও স্থাপন কৰিলে।


চমৰিয়াত আহাব ৰজাৰ সত্তৰ জন বংশধৰ আছিল; যেহূৱে চমৰিয়া, যিজ্ৰিয়েলৰ শাসনকর্তাসকল, পৰিচাৰক আৰু আহাবৰ বংশধৰৰ অভিভাৱকসকললৈ এই পত্ৰ লিখি পঠালে,


যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত যাবেচৰ পুত্ৰ চল্লুম ৰজা হ’ল আৰু তেওঁ চমৰিয়াত সম্পূৰ্ণ এমাহ ৰাজত্ব কৰিলে।


চিখিম, চীলো আৰু চমৰিয়াৰ পৰা অহা সম্পূর্ণ ডাঢ়ি খুৰুউৱা, পিন্ধা কাপোৰ ছিৰা আৰু নিজ নিজ গা কাটকুট কৰা আশী জন মানুহ যিহোৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল।


ধিক তোমালোক! তোমালোক যিসকল চিয়োনত নিচিন্তভাৱে আছা আৰু চমৰিয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যি সকলৰ ওচৰলৈ ইস্রায়েল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তোমালোক জাতিবোৰৰ প্রধানসকলৰ মাজত প্রসিদ্ধ লোক।


যাকোবৰ বিদ্ৰোহ, আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হ’ব; যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল? চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি? যিৰূচালেম নহয় নে?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন