30 এই কাৰ্য পাপৰ কাৰণ হ’ল, কিয়নো লোকসকলে সেই দুই প্ৰতিমাৰ আগত সেৱা কৰিবলৈ দানলৈকে বা আনটো ঠাইলৈ অহা-যোৱা কৰিবলৈ ধৰিলে।
এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।
যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”
অম্ৰীৰ আন অৱশিষ্ট কাৰ্যৰ বৃত্তান্তৰ বিষয়ে, তেওঁ দেখুউৱা পৰাক্ৰমৰ কথা, সেই বিষয়ে ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
আৰু যি অসন্তোসজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্রোধ উত্তেজিত কৰিলা আৰু ইস্ৰায়েলক পাপ কৰোৱালা, সেই কাৰণে মই তোমাৰ বংশ, নবাটৰ পুত্র যাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্র বাচাৰ বংশৰ দৰে কৰিম।’
তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে।
কাৰণ সেই দিনা তোমালোক প্ৰতিজনে পাপেৰে সৈতে নিজৰ হাতেৰে নির্মাণ কৰা ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাই দিবা।
বৈৎ-আবনৰ পূজাৰ ওখ ঠাইৰ মঠবোৰ অর্থাৎ ইস্ৰায়েলৰ পাপময় ঠাইবোৰ ধ্বংস হ’ব। কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব; তেতিয়া তেওঁলোকে পৰ্ব্বতবোৰক ক’ব, “আমাক ঢাকি পেলোৱা!” সৰু সৰু পাহাৰবোৰক ক’ব, “আমাৰ ওপৰত পৰা!”