Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 12:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 ৰহবিয়াম যেতিয়া যিৰূচালেমলৈ আহিল, তেতিয়া যিহূদা আৰু বিন্যামীন ফৈদৰ লোকসকলক একগোট কৰিলে, তাতে এক লাখ আশী হাজাৰ যুদ্ধাৰু লোকক মনোনীত কৰিলে, যাতে ইস্ৰায়েলৰ বংশৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিব আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামৰ অধীনলৈ ৰাজ্য পুনৰায় আনিব পাৰিব।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 12:21
8 পৰস্পৰ সংযোগসমূহ  

কিন্তু মোৰ দাস দায়ূদৰ কাৰণে আৰু ইস্ৰায়েলৰ সমুদায় ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা যিৰূচালেমৰ কাৰণে তেওঁ এক ফৈদ পাব৷


ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল।


তাৰ পাছত যোৱাবে যুদ্ধাৰু সকলৰ সম্পূৰ্ণ সংখ্যা দায়ূদৰ আগত দিলে। তাত ইস্ৰায়েলৰ মাজত এঘাৰ লাখ তৰোৱাল ধৰোঁতা লোক আছিল। যিহূদাৰ অকলেই চাৰি লাখ সত্তৰ হাজাৰ সৈন্য আছিল।


তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”


আচা’ৰ ঢাল আৰু যাঠী ধৰা সৈন্য সমূহ হ’ল, যিহূদাৰ তিনি লাখ আৰু বিন্যামীনৰ ঢাল আৰু ধনু ধৰা দুই লাখ আশী হাজাৰ সৈন্য আছিল৷ এওঁলোক সকলো পৰাক্ৰমী বীৰপুৰুষ আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন