Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 12:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাবোৰৰ অধ্যক্ষ অদোৰামক পঠিয়াওতে, গোটেই ইস্ৰায়েলে তেওঁলৈ এনেকৈ শিল দলিয়ালে যে, তেওঁৰ তাতেই মৃত্যু হ’ল৷ আৰু ৰজা ৰহবিয়ামে যিৰূচালেমলৈ পলাই যাবৰ বাবে বেগা বেগীকৈ নিজৰ ৰথত উঠিল।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 12:18
12 পৰস্পৰ সংযোগসমূহ  

অহীচাৰ ৰাজঘৰগিৰি আৰু অব্দাৰ পুত্ৰ আদোনীৰাম বন্দী কাম কৰোৱাসকলৰ ওপৰত অধ্যক্ষ আছিল।


তেওঁ মাহেকীয়া পালক্ৰমে সিহঁতৰ দহ হাজাৰ লোকক লিবানোনলৈ পঠিয়ায়৷ সিহঁত এমাহ এমাহ লিবানোনত থাকে আৰু দুমাহ নিজ ঠাইত থাকে৷


অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস লিখক আছিল৷


তেতিয়া সেনাপতি জনে তেওঁৰ লোক সকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনি সকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনি সকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে।


যোদ্ধাসকলৰ মাজৰ অতি সাহিয়াল লোকেও সেই দিনা উলঙ্গ হৈ পলাই যাব।” ইয়াক যিহোৱাই কৈছে।


কিন্তু লোকসকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে; ৰজাৰ আজ্ঞাৰে যিহোৱাৰ গৃহৰ চোতালতে তেওঁক শিল দলিয়াই বধ কৰিলে।


পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাসকলৰ অধ্যক্ষ হদোৰামক পঠিয়াওতে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলৈ এনেদৰে শিল দলিয়ালে যে, যাৰ ফলত তেওঁ তাতে মৰিল৷ ৰজা ৰহবিয়ামে নিজৰ ৰথত উঠি বেগাবেগীকৈ যিৰূচালেমলৈ পলাই গ’ল।


কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰিবলৈ ক’লে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তান সকলৰ আগত প্ৰকাশিত হ’ল।


তাৰ পাছত মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “মই এই লোকসকলৰ সৈতে কি কৰিম? তেওঁলোকে মোক শিল দলিয়াই মাৰিবলৈ প্ৰায় যুগুত হৈ আছে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন