Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 11:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

38 আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 11:38
20 পৰস্পৰ সংযোগসমূহ  

যেতিয়াৰে পৰা মই নিজ প্ৰজা ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিছিলোঁ; তেতিয়াৰে পৰা যেনে হৈছিল, মই সকলো শত্ৰুবোৰৰ পৰা তোমাক বিশ্ৰাম দিম। তাৰোপৰি মই, যিহোৱাই ঘোষণা কৰিছোঁ যে, তোমাৰ কাৰণে এক বংশ উৎপন্ন কৰিম।


আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব৷ তোমাৰ সিংহাসন চিৰস্থায়ী হ’ব’।”


তাতে মই তোমাক গ্ৰহণ কৰিম আৰু তুমি তোমাৰ মনৰ সকলো ইচ্ছাৰ দৰে ৰাজত্ব কৰিবা আৰু ইস্ৰায়েলৰ ৰজা হ’বা।


মই দায়ূদৰ বংশক ক্লেশ দিম কিন্তু সদাকাললৈকে নহয়’।”


কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।


তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”


“তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।


যেতিয়া মই মোৰ ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক আজ্ঞা কৰিছিলোঁ যে, মই তোমাৰ শত্ৰুসকলক বশীভূত কৰিম। তদুপৰি মই তোমাক কৈছো যে, মই যিহোৱাই তোমাৰ বাবে এটা ঘৰ নিৰ্ম্মাণ কৰিম।


ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে।


এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।


“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তুমি যদি মোৰ পথত চলা, আৰু মোৰ আজ্ঞাবোৰ যদি পালন কৰা, তেনেহ’লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা আৰু মোৰ চোতালখন ৰাখিবা; কাৰণ মোৰ আগত থিয় হৈ থকা এই লোকসকলৰ মাজত, মই তোমাক অহা যোৱা কৰিবলৈ অধিকাৰ দিম।


আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তান সকলৰ মঙ্গল হ’বৰ কাৰণে আপোনালোকে তেজ পান নকৰিব; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ’ব।


যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলোঁ।


যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”


তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।


আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম; তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য কৰিব; আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম; তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা-যোৱা কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন