Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 11:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 হদদে কৰা অপকাৰৰ বাহিৰেও, তেওঁ চলোমনৰ গোটেই আয়ুসৰ কালত ইস্ৰায়েলৰ শত্ৰু হৈ থাকিল৷ তেওঁ ইস্ৰায়েলক ঘিণ কৰিলে আৰু অৰামৰ ওপৰত ৰাজত্ব কৰিলে।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 11:25
9 পৰস্পৰ সংযোগসমূহ  

মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ’লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।


তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।


তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।


কিন্তু এতিয়া মোৰ ঈশ্বৰ যিহোৱাই সকলো ফালে মোক বিশ্ৰাম দিছে৷ এতিয়া কোনো শত্ৰুও নাই আৰু কোনো ধৰণৰ আপদ ঘটা নাই।


তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”


কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।


যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”


আৰু যি কালত দায়ূদে চোবীয়াহঁতক পৰাস্ত কৰিছিল, সেই কালত ৰজোনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল৷ তেতিয়া ৰজোনৰ সেই দলটোৱে দম্মেচকলৈ গৈছিল, আৰু তাত বাস কৰি দম্মেচকৰ ওপৰত শাসন কৰিছিল।


তেতিয়া চৰেদাত থকা ইফ্ৰয়িমীয়া নবাটৰ পুত্ৰ যাৰবিয়াম নামেৰে চলোমনৰ এজন বিষয়া আছিল৷ তেওঁৰ মাকৰ নাম চৰোৱা আৰু তাই এজনী বিধৱা মহিলা আছিল; তেৱোঁ ৰজাৰ বিৰুদ্ধে হাত দাঙিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন