26 চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক একত্রিত কৰিছিল। তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ তেওঁলোকক নানা ৰথ-নগৰত আৰু যিৰূচালেমতো তেওঁ নিজৰ লগত ৰাখিছিল।
ঘোঁৰা আৰু ৰথৰ বাবে চলোমনৰ চাৰিহাজাৰ ঘোঁৰাশাল আছিল আৰু তেওঁৰ বাৰ হাজাৰ অশ্বাৰোহী আছিল, আৰু এওঁলোকক তেওঁ নানা ৰথ-নগৰত আৰু ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল।
তেওঁ অধিকাৰ কৰা সকলো ভঁৰাল-নগৰবোৰ, ৰথ আৰু অশ্বাৰোহীসকলৰ নগৰবোৰ আদি যিৰূচালেমত ও লিবানোনত আৰু নিজে শাসন কৰা দেশৰ সকলো ফালে যি যি নিৰ্ম্মাণ কৰিবলৈ চলোমনৰ ইচ্ছা আছিল, সেই সকলোকে তেওঁ নিৰ্ম্মাণ কৰিলে।
কেৱল তেওঁ নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাসকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই আপোনালোকক কৈছিল, ইয়াৰ পাছত “আপোনালোকে সেই বাটেদি পুনৰায় উলটি নাযাব।”
তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন।
এই হেতুকে আপুনি এতিয়া আপোনাৰ লোকসকলক মোৰ বাবে লিবানোনৰ পৰা এৰচ কাঠ কাটি আনিবলৈ আজ্ঞা কৰক৷ মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত যোগদান কৰিব আৰু আপুনি যি ক’ব, সেইদৰেই মই আপোনাৰ দাসবোৰৰ দিবলগীয়া বেচ আপোনাক দিম। কিয়নো আপুনি জানে যে, চীদোনীয়াসকলৰ দৰে কাঠ কাটিব জনা মানুহ আমাৰ মাজত নাই।”