Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 1:52 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

52 তাতে চলোমনে ক’লে, “তেওঁ যদি নিজকে ভাল পুৰুষ বুলি দেখুৱায়, তেনেহ’লে তেওঁৰ এডালি চুলিও মাটিত নপৰিব, কিন্তু দুষ্টতা পোৱা যায়, তেন্তে তেওঁৰ প্ৰাণ যাব৷”

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 1:52
11 পৰস্পৰ সংযোগসমূহ  

তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল।


তেতিয়া সেই মহিলাই ক’লে, “মই মিনতি কৰিছোঁ, প্ৰতিকাৰ সাধকক নষ্ট কৰিবলৈ নিদিবলৈ মহাৰাজে নিজ ঈশ্বৰ যিহোৱাৰ নাম উচ্ছাৰণ কৰক; সেয়ে নহ’লে তেওঁলোকে মোৰ ল’ৰাটিক বিনষ্ট কৰিব।” ৰজাই ক’লে, “জীৱন্ত যিহোৱাৰ শপত, তোমাৰ ল’ৰাৰ এডালি চুলিও মাটিত নপৰিব।”


যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে। কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়।


যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে; তেওঁ দুষ্ট লোকলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।


সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব, তৰোৱালে তালৈ বাট চাই আছে।


সেই বাবে আপোনালোকক মিনতি কৰিছোঁ, আপোনালোকে যেন অলপ আহাৰ গ্ৰহণ কৰে, কিয়নো সেয়ে আপোনালোকৰ জীয়াই থকাত উপকাৰ স্ৱৰূপ হব; কাৰণ আপোনালোকৰ কোনোজনৰে মূৰৰ এডাল চুলিও নষ্ট নহ’ব৷”


কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।


তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে।


পাছত চলোমনৰ আগত কোনোবাই এই কথা ক’লে, “চাওঁক, অদোনিয়াই চলোমন ৰজালৈ ভয় কৰিছে; কিয়নো চাওঁক, তেওঁ যজ্ঞবেদীৰ শিঙত ধৰি কৈছে, ‘ৰজা চলোমনে তেওঁৰ দাসক তৰোৱালেৰে বধ নকৰিবলৈ মোৰ আগত শপত কৰক।”


এই বুলি ৰজা চলোমনে মানুহ পঠিয়াই তেওঁক যজ্ঞবেদীৰ ওপৰৰ পৰা নমাই আনিলে। তাতে তেওঁ আহি ৰজা চলোমনৰ আগত প্ৰণিপাত কৰিলে আৰু চলোমনে তেওঁক ক’লে, “তোমাৰ ঘৰলৈ যোৱা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন