Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 1:50 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

50 আৰু অদোনিয়াই চলোমনলৈ ভয় কৰি উঠি গৈ যজ্ঞবেদীৰ শিঙত ধৰিলেগৈ।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 1:50
9 পৰস্পৰ সংযোগসমূহ  

তেতিয়া অদোনিয়াৰ লগত থকা নিমন্ত্রিত লোকসকলে ভয় পালে আৰু প্ৰতিজনে উঠি নিজ নিজ বাটে গুচি গ’ল।


পাছত চলোমনৰ আগত কোনোবাই এই কথা ক’লে, “চাওঁক, অদোনিয়াই চলোমন ৰজালৈ ভয় কৰিছে; কিয়নো চাওঁক, তেওঁ যজ্ঞবেদীৰ শিঙত ধৰি কৈছে, ‘ৰজা চলোমনে তেওঁৰ দাসক তৰোৱালেৰে বধ নকৰিবলৈ মোৰ আগত শপত কৰক।”


তেতিয়া সেই ঘটনাৰ বাতৰি যোৱাবলৈ আহিল, কিয়নো যোৱাব যদিও অবচালোমৰ ফলীয়া নাছিল, তথাপি অদোনীয়াৰ ফলীয়া হৈছিল। সেই কাৰণে তেওঁ যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই গৈ যজ্ঞবেদীৰ শিঙত ধৰি থাকিল৷


যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।


যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।


তুমি তাৰ চাৰিও চুকে ওলাই থকা অংশ, গৰুৰ শিঙৰ আকৃতিৰে তৈয়াৰ কৰিব লাগিব। শিং কেইটা যজ্ঞবেদিৰ সৈতে একেলগে তৈয়াৰ কৰিব লাগিব; আৰু তাত পিতলৰ পতা মাৰিব লাগিব।


বছৰত এবাৰ হাৰোণে তাৰ শিংবোৰ পবিত্রকৃত কৰিব। তোমালোকৰ পুৰুষানুক্ৰমে প্ৰায়শ্চিত্তাৰ্থক পাপ-বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্রকৃত কৰিব। এই বেদী যিহোৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ’ব।


তেওঁ তাৰ চাৰিওটা চুক ষাঁড় গৰুৰ শিঙৰ আকৃতিত সাজিলে। সেই শিংবোৰ বেদিৰ সৈতে একে ডোখৰ কাঠেৰেই সাজিলে; আৰু তাত পিতলৰ পতা মাৰিলে।


আৰু যজ্ঞ-বেদিটোৰ ওপৰ ভাগ চাৰি হাত হ’ব আৰু যজ্ঞ-বেদিটোৰ জুইশালৰ পৰা ওপৰলৈ চাইটা শিং হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন