31 তেতিয়া বৎচেবাই আঁঠুকাঢ়ি মাটিত মুৰ লগাই ৰজাৰ সন্মূখত প্ৰণিপাত কৰিলে আৰু ক’লে, “মোৰ প্ৰভু ৰজা দায়ুদ চিৰজীৱি হওঁক।”
পাছে চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ সেই মফিবোচতে, দায়ূদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দায়ূদে ক’লে, “হে মফিবোচৎ”, তেওঁ উত্তৰ দিলে, “চাওক, আপোনাৰ দাস আছোঁ।”
কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱি হওঁক!’
মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।
ৰাজ-দুৱাৰত থকা ৰজাৰ দাস সকলে হামনৰ আগত আঠুকাঢ়ি প্ৰণিপাত কৰিছিল; কাৰণ ৰজাই তেওঁলোকক সেইদৰে কৰিবলৈ আজ্ঞা দিছিল। কিন্তু মৰ্দখয়ে আঠু নাকাঢ়িছিল আৰু প্ৰণিপাতো নকৰিছিল।
তেতিয়া জ্ঞানী লোকসকলে অৰামীয়া ভাষাৰে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ দাস যি আমি, আমাক আপোনাৰ সপোনটো কওক, আৰু আমি তাৰ ফলিতা প্রকাশ কৰিম।”
তেওঁলোকে ৰজা নবূখদনেচৰক ক’লে, “মহাৰাজ চিৰজীৱি হওক!
তেতিয়া ৰজা আৰু তেওঁৰ প্ৰধান লোকসকলৰ কথা শুনি, ৰাজমাতা ভোজৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল, ৰাজমাতাই ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ চিন্তাই আপোনাক অশান্তি নকৰক, আৰু আপোনাৰ মুখ বিবৰ্ণ নহওক।
তেতিয়া দানিয়েলে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক!
তাৰ পাছত সেই বিষয়া আৰু অধ্যক্ষসকলে ৰজাৰ আগত এটা পৰিকল্পনাৰ কথা আনিলে, “মহাৰাজ দাৰিয়াবচ, চিৰজীৱি হওক!
পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ‘পুত্ৰক আদৰ কৰিব বুলি’, সিহঁতৰ ওচৰলৈ পঠালে।
যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভার্য্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।
ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে?
তাৰ পাছত ডেকা ল’ৰা জন যোৱাৰ লগে লগে দায়ূদে দক্ষিণ দিশৰ পৰা ওলাই আহিল আৰু তললৈ মুখ কৰি পৰি তিনিবাৰ প্ৰণিপাত কৰিলে। তাতে তেওঁলোক পৰস্পৰে চুমা খালে আৰু কান্দিলে; তাতে দায়ুদৰ সৈতে অধিক ক্ৰন্দন হ’ল।
দায়ূদেও গুহাৰ পৰা বাহিৰ ওলাই, “হে মোৰ প্ৰভু মহাৰাজ,” এই বুলি চৌলক ৰিঙিয়াই মাতিলে। যেতিয়া চৌলে তেওঁলৈ ঘূৰি চালে তেতিয়া দায়ূদে মাটিলৈ তল মূৰ কৰি প্ৰণিপাত কৰিলে আৰু তেওঁক সন্মান দিলে।