Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 1:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 দায়ুদ ৰজাৰ ওচৰলৈ যোৱা; আৰু তেওঁক কোৱাগৈ, যে, ‘হে মোৰ প্ৰভু মহাৰাজ, আপুনি জানো শপত খাই আপোনাৰ দাসীক জানো কোৱা নাছিল, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন অৱশ্যে ৰজা হ’ব আৰু তেৱেঁই মোৰ সিংহাসনত বহিব?’ তেনেহ’লে অদোনিয়াই কিয় ৰাজত্ব কৰি আছে?’

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 1:13
16 পৰস্পৰ সংযোগসমূহ  

তেতিয়া নাথনে চলোমনৰ মাক বৎচেবাক ক’লে, “আমাৰ প্ৰভু দায়ুদে নজনাকৈ হগ্গীতৰ পুতেক অদোনিয়া যে ৰজা হল, ইয়াক জানো তুমি শুনা নাই?


আৰু চোৱা, সেই ঠাইত ৰজাৰ সৈতে তোমাৰ কথা শেষ নৌ হওঁতেই, মই তোমাৰ পাছত সোমাই গৈ তোমাৰ কথা নিশ্চিত কৰিম।”


তাই তেওঁক ক’লে, “হে মোৰ প্ৰভু, ঈশ্বৰ যিহোৱাৰ নামেৰে শপত খাই আপোনাৰ বেটীৰ আগত কৈছিল যে, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু মোৰ সিংহাসনৰ ওপৰত তেৱেঁই বহিব।’


নাথনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, ‘মোৰ পাছত অদোনিয়া ৰজা হ’ব আৰু মোৰ সিংহাসনত সিয়েই বহিব, এনে বুলি আপুনি ক’লে নে কি?’


‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু সিয়েই মোৰ পদত মোৰ সিংহাসনত বহিব,’ এই বুলি তোমাৰ আগত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম লৈ যি শপত কৰিছিলোঁ, আজিয়েই সেই দৰে কাৰ্য কৰিম।”


পাছত তোমালোকে তেওঁৰ পাছে পাছে উঠি আহিবা; তেওঁ আহি মোৰ সিংহাসনত বহিব; কিয়নো মোৰ সলনি তেওঁ ৰজা হ’ব, ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত অধ্যক্ষ হ’বলৈ মই তেওঁকেই নিযুক্ত কৰিলোঁ।”


আৰু ৰজায়ো এই কথা ক’লে যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক; তেওঁ আজি মোৰ সিংহাসনৰ ওপৰত বহিবলৈ মোক এজন দিলে আৰু মোৰ চকুৱে তাক দেখিবলৈ পালে৷”


তেতিয়া চলোমন নিজ পিতৃ দায়ুদৰ সিংহাসনত বহি তেওঁৰ ৰাজ্য অতিশয় দৃঢ় কৰিলে।


যিহোৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে।


তাৰ পাছত চলোমন তেওঁৰ পিতৃ দায়ুদৰ পৰিৱৰ্তে ৰজাহৈ যিহোৱাৰ সিংহাসনত বহিল। তেওঁ কৃতকাৰ্য্য হ’ল, আৰু গোটেই ইস্ৰায়েলে তেওঁৰ আজ্ঞা মানিলে।


দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোঁতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।


তেন্তে মোৰ দাস দায়ূদে সৈতে কৰা মোৰ নিয়মটিও এনেকৈ ভাঙিব পৰা যাব, যে, তেওঁৰ সিংহাসনত বহি ৰাজশাসন কৰিবলৈ তেওঁৰ এটি সন্তানো নহ’ব; আৰু মোৰ পৰিচাৰক লেবীয়া পুৰোহিতসকলৰ সৈতে কৰা মোৰ নিয়মটিও ভাঙিব পৰা যাব।


যেতিয়া তেওঁ সেই ৰাজসিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিতসকলৰ আগত থকা পুস্তকখনিৰ পৰা এখন আন এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি থব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন