Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 যোহন 4:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানোঁ আৰু বিশ্বাসো কৰোঁ। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে।

অধ্যায়টো চাওক কপি কৰক




1 যোহন 4:16
13 পৰস্পৰ সংযোগসমূহ  

আৰু যিজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে৷ তেওঁ যে আমাৰ লগত থাকে, ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানোঁ।


ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷


যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।


কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,


অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।


আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”


তোমালৈ অপেক্ষা কৰা জনলৈ কাৰ্য সিদ্ধ কৰোঁতা যি তুমি, তোমাৰ বাহিৰে আন ঈশ্বৰ আছে বুলি আগৰ কালৰ পৰা মানুহে শুনা নাই বা চকুৰে দেখা নাই।


যীচুৱে উত্তৰ দিলে, “সি নিজেও পাপ কৰা নাই, আৰু তাৰ মাক-বাপেকেও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কর্ম প্ৰকাশিত হ’বলৈহে হৈছে।


হে প্ৰিয় লোকসকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়৷ যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন