Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 যোহন 2:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।

অধ্যায়টো চাওক কপি কৰক




1 যোহন 2:19
30 পৰস্পৰ সংযোগসমূহ  

আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।


কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।


তেওঁলোক দলভেদ কৰোঁতা আৰু ইন্দ্ৰিয়াসক্ত। তেওঁলোক আত্মা-বিহীন।


আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।


কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।


আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।


কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷


সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”


তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।


তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”


কিন্তু যিবোৰে সৰ্ব্বনাশলৈ হুঁহকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ; আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰা সকলৰ মাজৰহে হৈছোঁ।


এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্রাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।


কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল, এনে নহয়৷


কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”


কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।


যিহূদা, যীচু খ্ৰীষ্টৰ এজন দাস আৰু যাকোবৰ ভাই; পিতৃ ঈশ্বৰত যি সকল প্ৰিয়পাত্ৰ আৰু যি সকল যীচু খ্ৰীষ্টৰ কাৰণে ৰক্ষিত আছে, সেই আমন্ত্ৰিত লোক সকলৰ সমীপলৈ:


কিন্তু তেখেত সকলে অধিক আগবাঢ়িব নোৱাৰিব, কিয়নো সেই দুজনৰ দৰে, তেখেত সকলৰো মূর্খতা সকলোৰে আগত প্ৰকাশিত হব।


গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰ ডালত পুনৰ অধিক গুটি ধৰিবলৈ তেওঁ পৰিষ্কাৰ কৰি দিয়ে।


মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।


কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন