23 সেয়ে তেওঁলোকে আৰু তেওঁলোকৰ সন্তান সকলে যিহোৱাৰ আবাসৰ দুৱাৰত ৰখীয়াৰ কাম কৰিছিল।
তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।
দুৱৰী সকলৰ বিভাগবোৰে তেওঁলোকৰ নেতা সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয় সকলৰ দৰে, যিহোৱাৰ গৃহত পৰিচৰ্যা কৰি, তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে।
যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।
দুৱৰীসকলক পূব, পশ্চিম, উত্তৰ, আৰু দক্ষিণ, এই চাৰিও দিশত নিযুক্ত কৰা হৈছিল।
যাতে কোনো প্ৰকাৰ অশুচি লোকে যেন নোসোমায়, এই কাৰণে তেওঁ যিহোৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰী ৰাখিলে।
দায়ুদ আৰু তেওঁৰ পুত্র চলোমনৰ আজ্ঞা অনুসাৰে গায়ক আৰু দুৱৰীসকলে কৰাৰ দৰে তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ সেৱা-কাৰ্য আৰু শুচি কৰা কাৰ্য সম্পন্ন কৰিছিল।
আৰু তেওঁ মোক ক’লে, “দক্ষিণফালে মুখ কৰা এই কোঁঠালিটো গৃহ ৰক্ষক পুৰোহিতসকলৰ কাৰণে।
গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।