Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 9:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 9:22
18 পৰস্পৰ সংযোগসমূহ  

(আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।


তেওঁ তেওঁক পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ বিভাগসমূহৰ বাবে বিধি দিলে আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ কাৰ্য আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ হোৱা সামগ্রী সমূহৰ দায়িত্বত নিযুক্ত কৰিলে।


সেইদিনা বৰঙনিৰ বাবে দিয়া ফলৰ আগভাগ, আৰু দশম ভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবীয়া সকলৰ প্রয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্রতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবীয়া সকলে বাবে যিহূদাই আনন্দ কৰিছিল।


যিহূদাত বাস কৰা কিছুমান লেবীয়া লোক বিন্যামীন লোকসকলৰ বাবে নিযুক্ত কৰা হৈছিল।


আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।


তেওঁৰ অধীনত এদন, মিন্যামীন, যেচুৱা, চময়ীয়া, অমৰীয়া আৰু চফনিয়া এওঁলোকেই পুৰোহিতসকলৰ নগৰবোৰত থাকিল৷ তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী ভাইসকলক পাল অনুসাৰে উপহাৰৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ’ল।


চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।


লেবীয়াসকলৰ মাজত কোৰহীয়া চল্লূমৰ প্ৰথম পুত্ৰ মত্তিথিয়া উৎসৰ্গৰ বাবে প্ৰস্তুত কৰা পিঠাৰ তত্বাৱধান কৰোঁতা হিচাবে নিযুক্ত আছিল।


ইলকানাৰ পুত্র আচা, আচাৰ পুত্র বেৰেখিয়া আৰু যিদূথূনৰ পুত্র গালল, গাললৰ পুত্র চময়া, চময়াৰ পুত্র ওবদিয়াও নটোফাতীয়াসকলৰ গাওঁসমূহত বাস কৰিছিল।


সেয়ে তেওঁলোকে আৰু তেওঁলোকৰ সন্তান সকলে যিহোৱাৰ আবাসৰ দুৱাৰত ৰখীয়াৰ কাম কৰিছিল।


যাতে কোনো প্ৰকাৰ অশুচি লোকে যেন নোসোমায়, এই কাৰণে তেওঁ যিহোৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰী ৰাখিলে।


দায়ুদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন