29 মনচিৰ সীমাত বৈৎ-চান আৰু তাৰ গাওঁসমূহ, তানক আৰু তাৰ গাওঁসমূহ, মগিদ্দো আৰু তাৰ গাওঁসমূহৰ লগতে দোৰ আৰু তাৰ গাওঁসমূহ। এইবোৰ ঠাইত ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ বংশৰ লোকসকলে বাস কৰিছিল।
তানক আৰু মগিদ্দোত অহীলূদৰ পুত্ৰ বানাৰ আৰু চৰ্তনৰ ওচৰত যিজ্ৰিয়েলৰ তলত থকা গোটেই বৈৎ-চান অৰ্থাৎ পৰা আবেল-মহোলা আৰু যকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল। অধিকাৰ আছিল৷
আৰু ৰজা চলোমনে যিহোৱাৰ গৃহ, নিজৰ গৃহ, মিল্লো, যিৰূচালেমৰ গড় হাচোৰ, মগিদ্দো আৰু গেজৰ নিৰ্ম্মাণ কৰিবলৈ বন্দী কাম কৰিব লগীয়া লোক সমূহক গোটাব লগীয়া বিবৰণ এই।
যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।
যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।
তথাপি যোচিয়াই তেওঁৰ পৰা বিমুখ হ’বলৈ অমান্তি হ’ল৷ তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰিলে৷ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখোৱে কৈছিল, সেই কথা তেওঁ নুশুনিলে; সেই কাৰণে তেওঁ মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ’ল।
মগিদ্দোন সমথলৰ হদদ-ৰিম্মোণত কৰা বিলাপৰ নিচিনাকৈ যিৰূচালেমত সেই দিনা মহা বিলাপ হ’ব।
পাছত সিহঁতে ইব্ৰী ভাষাত হৰমাগিদ্দোন বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।
ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
সিহঁতে তেওঁৰ সাজ অষ্টাৰেৎ দেবীৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ শৰীৰটো বৈৎচানৰ গড়ত আৰি হ’ল।