22 কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰে যুদ্ধ কৰিছিল, সেয়ে বহুতো শত্রুক তেওঁলোকে হত্যা কৰিছিল। এইদৰে বন্দী কৰি নিয়া সময়লৈকে তেওঁলোকৰ ঠাই সমূহত তেওঁলোকে বাস কৰিছিল।
তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
তোমালোকৰ এজনেই হাজাৰ জনক খেদি দিব; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁ নিজেই তোমালোকৰ পক্ষে যুদ্ধ কৰোঁতা।
হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচুৰৰ ৰজা তিগ্লৎ-পিলেচৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।
দ্ৱিতীয় ইলকানাৰ পুত্র চফয়। চফয়ৰ পুত্র নহৎ।
যিহূদাৰ ৰজা হিষ্কিয়া ৰাজত্ব কৰা সময়ত, ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়োনীয়াসকলক আক্রমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে সেই লোকসকলক নিঃশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয়া ঠাই বিচাৰি পোৱাত, তেওঁলোকে তাতে বাস কৰিলে।
তেওঁলোকৰ জীৱ-জন্তুবোৰ তেওঁলোকে আটক কৰিলে, তাৰ ভিতৰত পঞ্চাশ হাজাৰ উট, দুই লাখ পঞ্চাশ হাজাৰ মেৰ-ছাগ, দুই হাজাৰ গাধ, আৰু এক লাখ মানুহ।
গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
সেয়ে অজৰীয়াৰ ৰজা পূলক ইস্ৰায়েলৰ ঈশ্বৰে অস্থিৰ কৰিলে, তিলগৎ-পিলনেচৰ বুলি কোৱা হয়। তেওঁ ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধাগোষ্ঠীৰ লোকসকলক হাবোৰ, হাৰা, গোজনৰ নদীলৈকে লৈ গ’ল; আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে।
ঈশ্বৰে পলেষ্টীয়াসকল, গূৰ-বালত থকা আৰবীয়াসকল আৰু মায়োনীয়াসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছিল।