29 দায়ুদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে।
(আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।
পাছে গাদ ভাববাদীয়ে দায়ূদক ক’লে, “তুমি তোমাৰ দুৰ্গত নাথাকিবা, এই ঠাই ত্যাগ কৰি যিহূদা দেশলৈ যোৱা।” সেয়ে দায়ূদে সেই ঠাই ত্যাগ কৰি হেৰৎ অৰণ্যলৈ গ’ল।
ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
চলোমনৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্য আৰু জ্ঞানৰ কথা জানো চলোমনৰ জীৱন-চৰিত্ৰৰ পুস্তকত লিখা নাই?
দায়ুদ ৰাতিপুৱাতে উঠিল, দায়ূদৰ দৰ্শক গাদ ভাববাদী ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
এই পুস্তকসমূহত ইস্ৰায়েলক ৰাজত্ৱ কৰা সময়ত দায়ূদে যিবোৰ কাৰ্য কৰিছিল, সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইস্রায়েল আৰু তাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ, দায়ূদৰ ক্ষমতা আৰু তেওঁৰ জীৱনৰ সকলো ঘটনা লিখিলে।
চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?
যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।
ৰহবিয়ামে যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে চময়িয়া ভাববাদী আৰু ইদ্দো দৰ্শকৰ ইতিহাস পুস্তক দুখনত বংশাৱলীসহ সবিশেষ লিখা আছে। ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত সদায় যুদ্ধ লাগি আছিল।
অমচিয়াৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই জানো?