17 তেওঁ যাঠী, তেজ ছটিওৱা চৰিয়া, আৰু পিয়লাবোৰৰ বাবে শুদ্ধ সোণৰ পৰিমাণ জুখি দিলে। তেওঁ প্রত্যেক সোণৰ বাটিবোৰৰ আৰু প্ৰত্যেক ৰূপৰ বাটিবোৰৰ বাবে সোণৰ আৰু ৰূপৰ পৰিমাণ জুখি দিলে।
ৰজা চলোমনৰ সকলো পানপাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল৷ ৰূপৰ একোৱেই নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল।
দৰ্শন-পিঠাৰ মেজ, আৰু প্রত্যক মেজৰ বাবে সোণৰ পৰিমাণ, আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে।
ধূপ-বেদিৰ বাবে নিৰ্ম্মল সোণৰ পৰিমাণ, আৰু ডেউকা মেলি যিহোৱাৰ নিয়ম-চন্দুক ঢাকি ধৰা কৰূব দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে।
তুমি যজ্ঞবেদীৰ সকলো সামগ্রী তৈয়াৰ কৰিবা: ছাঁই পেলোৱা পাত্ৰ, হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ। সেই সকলো সঁজুলি পিতলেৰে গঢ়াবা।