Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 26:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 দায়ুদ ৰজা, পৰিয়ালৰ মূল লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, আৰু সেনাপতিসকলে যিবোৰ বস্তু পবিত্ৰ কৰিছিল, সেইবোৰ চলোমোৎ আৰু তেওঁৰ সম্বন্ধীয় লোকসকলে সেই ভঁৰালৰ তদাৰক কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 26:26
13 পৰস্পৰ সংযোগসমূহ  

দায়ুদ ৰজাই সেই সামগ্ৰীবোৰ যিহোৱালৈ উৎসৰ্গ কৰিলে, লগতে সকলো জাতিক পৰাজয় কৰোঁতে যিবোৰ ৰূপ আৰু সোণ আনিছিল, -


এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা।


দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।


তেওঁৰ সম্পৰ্কীয় লোক সকল ইলিয়েজৰৰ গোষ্ঠীৰ পৰা আছিল আৰু চবুৱেলৰ পুত্র ৰহবিয়া আছিল। ৰহবিয়াৰ পুত্র যিচয়া, যিচয়াৰ পুত্র যোৰাম, যোৰামৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ পুত্র চলোমোৎ।


যিহোৱাৰ গৃহ মেৰামতি কৰিবৰ অৰ্থে তেওঁলোকে যুদ্ধত পোৱা লূটদ্ৰব্যৰ মাজৰ অনেক বস্তু উৎসর্গ কৰিছিল।


লেবীয়াসকলৰ মাজৰ মৰাৰীৰ বংশত জন্ম হোৱা হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্ছুব, হচ্ছুবৰ পুত্র চময়া আছিল।


চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।


তাতে যিহোয়াদা পুৰোহিতে যি যি আজ্ঞা দিছিল, লেবীয়াসকল আৰু গোটেই যিহূদাই সেইদৰে সকলো সেৱা কৰিলে৷ তেওঁলোক প্ৰতিজনে বিশ্ৰাম বাৰে সোমোৱা আৰু বিশ্ৰাম বাৰে ওলোৱা নিজ নিজ লোকসকলক ল’লে, কিয়নো যিহোয়াদা পুৰোহিতে পাল আদায় হোৱা লোকসকলক বিদায় নিদিলে।


আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।


দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন।


দায়ুদ আৰু তেওঁৰ পুত্র চলোমনৰ আজ্ঞা অনুসাৰে গায়ক আৰু দুৱৰীসকলে কৰাৰ দৰে তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ সেৱা-কাৰ্য আৰু শুচি কৰা কাৰ্য সম্পন্ন কৰিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন