Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 25:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 25:8
13 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে সকলো সম্পৰ্কীয় সকলৰ লগত যোগাযোগ কৰি সৰু কি বৰ সকলোৱে প্ৰত্যেক দুৱাৰৰ বাবে চিঠি খেলালে।


চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।


পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।


লেবীয়াসকলৰ মূখ্য লোক হচবিয়া, চেৰেবিয়া, কদ্মীয়েলৰ পুত্ৰ যেচুৱা, তেওঁলোকৰ সহকৰ্মীৰ সৈতে তেওঁলোক ঈশ্বৰৰ লোক দায়ূদৰ আজ্ঞা পালন কৰি ভাগে ভাগে সহাৰি জনায় তেওঁলোকৰ বিপৰীতে থিয় হৈ ঈশ্ৱৰৰ স্তুতি-প্ৰশংসা কৰিছিল।


আৰু চাই দেখিলে যে, সোমোৱা ঠাইত ৰজা নিজ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে আৰু শতপতিসকল ও তুৰী বজোৱাসকল ৰজাৰ ওচৰত আছে৷ দেশৰ সকলো লোকসকলে আনন্দ কৰি আছিল, তুৰী বজাই আছিল আৰু প্ৰশংসা কৰিব জনা নিপুণ গায়কসকলে বাদ্যযন্ত্ৰ লৈ গীত গাই আছিল। তেতিয়া অথলিয়াই নিজৰ কাপোৰ ফালি, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!” বুলি চিঞৰি চিঞৰি ক’লে।


পশ্চিম দিশৰ দুৱাৰৰ সৈতে ওপৰলৈ উঠি যোৱা বাটৰ চল্লেখৎ দুৱাৰো চূপ্পীম আৰু হোচাৰ নামত নির্ধাৰন কৰে। প্রতেক পৰিয়ালৰ কাৰণে; ৰখীয়া সকল আছিল।


দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।


একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল।


লেবীয়াসকলৰ মাজত কননিয়া মুখ্য গায়ক আছিল, তেওঁ গীত পৰিচালনা কৰিছিল, কাৰণ তেওঁ নিপুণ আছিল।


তেতিয়া হাৰোণে সেই দুটা ছাগলীৰ বিষয়ে চিঠি খেলিব; এটা গুটি যিহোৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ’ব।


এতিয়া আচফৰ পুত্র সকলৰ বিষয়ে: প্ৰথম চিঠি খেলত যোচেফৰ পৰিয়ালৰ নাম উঠিল; দ্বিতীয় গদলিয়াৰ পৰিয়ালৰ নামত উঠিল, তেওঁলোক সংখ্যাত বাৰ জন;


আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন