Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 25:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 যিদূথূনৰ পুত্র সকলৰ পৰা: গদলিয়া, চৰী, যিচয়া, হচবিয়া, চিমিয়া, আৰু মত্তিথিয়া, এই ছয় জনে, তেওঁলোকৰ পিতৃ যিদুথূনৰ নিৰ্দেশ অনুযায়ী যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবে বীণা বজায়।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 25:3
11 পৰস্পৰ সংযোগসমূহ  

আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।


যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;


হেমনৰ সন্তান সকলৰ মাজৰ যিহীয়েল আৰু চিমিয়ী আৰু যিদূথূনৰ সন্তান সকলৰ মাজৰ চময়িয়া আৰু উজ্জীয়েল৷


চতুৰ্দ্দশ মত্তিথিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;


মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম, যিয়ীয়েল, আৰু অজজীয়াক চিমিনীৎ সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ’বলৈ নিযুক্ত কৰা হ’ল।


তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্বন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে।


ইলকানাৰ পুত্র আচা, আচাৰ পুত্র বেৰেখিয়া আৰু যিদূথূনৰ পুত্র গালল, গাললৰ পুত্র চময়া, চময়াৰ পুত্র ওবদিয়াও নটোফাতীয়াসকলৰ গাওঁসমূহত বাস কৰিছিল।


আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।


হেমনৰ পুত্র সকলৰ পৰা: বুক্কিয়া, মত্তনিয়া, উজ্জীয়েল, চবূৱেল, যিৰীমোৎ, হননিয়া, হনানী, ইলীয়াথা, গিদ্দলতী, ৰোমমতী-এজৰ, যচবিকাচা, মল্লোথী, হোথীৰ আৰু মহজীয়োৎ।


তাৰ পাছত, তুমি পলেষ্টীয়াসকলৰ নগৰৰক্ষী সৈন্যদল থকা ঈশ্বৰৰ পৰ্ব্বত পাবাগৈ। তুমি যেতিয়া সেই নগৰ পাবা তেতিয়া নেবল, খঞ্জৰী, বাঁহী আৰু বীণা বজাই ভাববাণী প্ৰচাৰ কৰি কৰি ওখ স্থানৰ পৰা নামি অহা এদল ভাববাদীৰ লগত তোমাৰ সাক্ষাৎ হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন