20 উজ্জীয়েলৰ পুত্ৰ মীখা ডাঙৰ আছিল, আৰু দ্বিতীয় যিচিয়া।
উজ্জীৰ পুত্র যিজ্ৰহিয়া, যিজ্ৰহিয়াৰ পুত্র মীখায়েল, ওবদিয়া, যোৱেল, আৰু যিচিয়া, এই পাঁচ জনৰ সকলোৱেই নিজ গোষ্ঠীৰ নেতা আছিল।
হিব্ৰোণৰ বংশধৰ যিৰিয়া ডাঙৰ আছিল, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
মৰাৰীৰ পুত্ৰ মহলী আৰু মুচী আছিল। মহলীৰ পুত্ৰ ইলীয়াজ আৰু কীচ।
উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ।
মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া।