Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 বংশা 21:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 তেতিয়া যিহোৱাই দূতক আজ্ঞা কৰিলে, আৰু দূতে নিজৰ তৰোৱাল খাপত ভৰাই হ’ল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 21:27
12 পৰস্পৰ সংযোগসমূহ  

পাছত যেতিয়া দূতে যিৰূচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া যিহোৱাই সেই আপদৰ বাবে খেদ কৰি সংহাৰক দূতক ক’লে, “এয়ে জুৰিছে! এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱা সেই দূত যিবুচীয়া অৰৌণাৰ মৰণা মৰা খলাৰ ওচৰত আছিল।


নাইবা তিনি বছৰ আকাল হ’ব, বা তিনি মাহলৈকে শত্ৰুবোৰৰ তৰোৱাল আপোনাৰ দেশত ব্যাপ্ত হৈ আপোনাক অত্যাচাৰ কৰিব, বা তিনি দিনলৈকে যিহোৱাৰ তৰোৱাল, অৰ্থাৎ দেশত মহামাৰীৰ লগত ইস্ৰায়েল দেশৰ সীমাত সংহাৰ কৰোঁতা যিহোৱাৰ দূতে ভ্ৰমণ কৰিব।’ এই হেতুকে যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোক পঠালে, তেওঁক কি উত্তৰ দিম, তাক এতিয়া বিবেচনা কৰি চাওক।”


যেতিয়া অৰ্ণনে ঘেঁহু মৰণা মাৰি আছিল, তেতিয়া তেওঁ পাছফাললৈ ঘূৰি দূতক দেখিলে। তেওঁ আৰু তেওঁৰ চাৰিজন পুত্রই নিজকে লুকুৱালে।


দায়ূদে সেই ঠাইত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তেওঁ যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, তাতে তেওঁ আকাশৰ পৰা হোম-বেদিত অগ্নি পেলাই তেওঁক উত্তৰ দিলে।


দায়ূদে যেতিয়া যিহোৱাই যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইত উত্তৰ দিয়া দেখিলে, তেতিয়া তেওঁ সেই সময়তে সেই ঠাইত বলিদান দিলে।


হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;


হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।


তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম!


তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।


তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”


সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন