Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 বংশা 21:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 দায়ূদে ওপৰলৈ চাই দেখিলে যে, যিহোৱাৰ দূত পৃথিৱী আৰু আকাশৰ মাজত থিয় হৈ আছে, আৰু যিৰূচালেমৰ ওপৰলৈ হাতত এখন খোলা তৰোৱাল দাঙি ধৰি আছিল। তেতিয়া দায়ূদে আৰু বৃদ্ধ লোকসকলে চট কাপোৰ পিন্ধি মাটিত মুখতল কৰি পৰিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 21:16
15 পৰস্পৰ সংযোগসমূহ  

এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে।


যেতিয়া আহাবে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁ নিজৰ কাপোৰ ফালিলে আৰু গাত চট কাপোৰ পিন্ধি লঘোন দিলে আৰু চটত শয়ন কৰি অতি দুখী হ’ল।


ৰজা হিষ্কিয়াই এই কথা শুনি নিজৰ কাপোৰ ফালিলে আৰু চট কাপোৰ পিন্ধি যিহোৱাৰ গৃহত সোমাল।


তাৰ পাছত ইলীচাই এই প্ৰাৰ্থনা কৰিলে, “হে যিহোৱা, মই নিবেদন কৰোঁ, এই দাসে যেন দেখা পায়, আপুনি তেওঁৰ চকু মুকলি কৰি দিব।” যিহোৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে, ইলীচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে!


আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা শক্তিশালী কৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ’লে ভাঙি পৰিব। তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব, যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম; আৰু ইয়াৰেই তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক আক্রমণ কৰিব।


যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”


তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল।


তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”


তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।


তেতিয়া যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে, খোলা তৰোৱাল হাতত লোৱা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে; তেতিয়াই তেওঁ মূৰ দোঁৱাই উবুৰি হৈ পৰিল।


কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন