Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 21:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 সেয়ে যিহোৱাই ইস্ৰায়েলৰ মাজলৈ মহামাৰী পঠালে, আৰু ইস্ৰায়েলৰ সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 21:14
7 পৰস্পৰ সংযোগসমূহ  

চৰূয়াৰ পুত্ৰ যোৱাবে গণনা কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু শেষ নকৰিলে। এই কাৰণে ইস্ৰায়েলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হৈছিল। তেওঁলোকৰ সংখ্যা দায়ুদ ৰজাৰ বংশাৱলীত লিখা নহ’ল।


সেই ৰাতিয়েই যিহোৱাৰ স্বর্গদূতে বাহিৰলৈ ওলাই গৈ, অচূৰীয়াসকলৰ ছাউনিৰ এক লাখ পঁচাশী হাজাৰ সৈন্যক বধ কৰিলে; পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল, তেতিয়া সকলো ঠাইতে মৰা শৱ পৰি থকা দেখিলে।


গতিকে সেই ৰাতিপুৱাৰে পৰা নিৰূপিত সময়লৈকে যিহোৱাই ইস্ৰায়েললৈ মহামাৰী পঠিয়ালে; তাতে দানৰে পৰা বেৰ-চেবালৈকে সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।


তেওঁ বৈৎচেমচৰ লোকসকলৰ মাজৰ কিছুমানক আঘাত কৰিলে; কাৰণ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকলৈ চাইছিল; সেয়ে তেওঁ সত্তৰজন মানুহক বধ কৰিছিল৷ যিহোৱাই কৰা মহা-প্ৰহাৰ দেখি তেওঁলোকে বিলাপ কৰিলে।


আৰু যিসকল মহামাৰীত মৰিল, তেওঁলোক চব্বিশ হাজাৰ লোক আছিল।


সেয়ে ফৰৌণ, তেওঁৰ দাসবোৰ আৰু মিচৰৰ সকলোলোক ৰাতিয়েই উঠিল। মিচৰত সেয়ে মহাক্ৰন্দন হ’ল; কাৰণ এনে এটা ঘৰ নাছিল য’ত প্ৰথমা জন্মা পুএৰ মৃত্যু হোৱা নাছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন