Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 19:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 যি সকল ৰজা হদদেজৰৰ দাস আছিল, তেওঁলোকে দেখিলে যে, তেওঁলোক ইস্রায়েলৰ দ্ৱাৰাই পৰাজিত হৈছে, তেতিয়া তেওঁলোকে দায়ূদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক যিকোনো প্রকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 19:19
13 পৰস্পৰ সংযোগসমূহ  

কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?


মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।


তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।


এইদৰে দায়ূদৰ সুখ্যাতি দেশৰ সকলো ফালে বিয়পি গ’ল, আৰু যিহোৱাই তেওঁৰ প্রতি সকলো দেশীয় লোকৰ ভয় জন্মালে।


পাছত যি সময়ত বিন হদদ আৰু তেওঁৰ লগৰ ৰজাসকলে পঁজাবোৰত পান কৰি আছিল, তেতিয়া তেওঁ সেই বাতৰি শুনি নিজ দাসবোৰক ক’লে, “তোমালোকে ৰণৰ বেহু পাতা।” তেতিয়া তেওঁলোকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বেহু পাতিলে।


পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।


পাছত ইস্ৰায়েলৰ সন্মুখত নিজক পৰাজিত হোৱা দেখি, হদদেজৰৰ অধীনত থকা সকলো ৰজাই ইস্ৰায়েল সকলৰ সৈতে সন্ধি পাতি তেওঁলোকৰ অধীন হ’ল। তেতিয়াৰে পৰা অৰামীয়ালোকে অম্মোনৰ সন্তান সকলক আৰু সহায় কৰিবলৈ ভয় কৰিলে।


অৰামীয়াসকল ইস্ৰায়েলৰ পৰা পলাল, আৰু দায়ূদে সাত হাজাৰ ৰথী, চল্লিশ হাজাৰ পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চোফকো বধ কৰিলে।


বসন্তকালৰ সময়ত সাধাৰণতে ৰজাসকলে যেতিয়া যুদ্ধলৈ যায়, তেতিয়া যোৱাবে যুদ্ধত সৈন্যসকলক নেতৃত্ব দিছিল; পাছত অম্মোনীয়াসকলৰ দেশ ধংস কৰিলে, তেওঁ ৰব্বালৈ গৈ তাক অৱৰোধ কৰিলে। দায়ুদ যিৰূচালেমতে থাকিল। যোৱাবে ৰব্বাক আক্রমণ কৰি পৰাজিত কৰিলে।


পাছত অম্মোনৰ সন্তান সকলৰ ৰজা মৃত্যু হোৱাত, তেওঁৰ পুতেক হানুন তেওঁৰ পদত ৰজা হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন