32 সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক; আৰু যিবোৰে তাক পূৰ্ণ কৰে, সেইবোৰেও উচ্চস্বৰে আনন্দ কৰক। পথাৰবোৰ আৰু তাত থকা সকলোৱেও আনন্দ কৰক।
হে আকাশ মণ্ডল গান কৰা, কাৰণ যিহোৱাই এই কাৰ্য সিদ্ধ কৰিলে; হে পৃথিবীৰ অধঃস্থান, জয়ধ্বনি কৰা; হে পৰ্বতবোৰ, হে অৰণ্য আৰু তাৰ মাজত থকা সকলো গছ, আনন্দ গান কৰি উৎফলিত হোৱা; কিয়নো যিহোৱাই যাকোবক মুক্ত কৰিলে, আৰু ইস্ৰায়েলৰ মাজত নিজৰ গৌৰৱ প্রকাশ কৰিব।
মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
তেতিয়া কাঠনিৰ সকলো গছবোৰে যিহোৱাৰ সাক্ষাতে উচ্ছস্বৰে আনন্দ কৰিব, কাৰণ তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।
হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা।
কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।