Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 15:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 15:24
12 পৰস্পৰ সংযোগসমূহ  

যহজীয়েল আৰু বনায়া, এই দুজন পুৰোহিতে যিহোৱাৰ নিয়ম-চন্দুকৰ আগত প্রতিদিনে শিঙা বজাইছিল।


এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল।


হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা।


তোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা।


তোমালোকে চিয়োনত শিঙা বজোৱা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা! দেশ-নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক, কিয়নো যিহোৱাৰ দিন আহি আছে; হয়, সঁচাই সেয়ে ওচৰ পাইছেহি;


হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়!


বেৰেখিয়া আৰু ইলকানা নিয়ম-চন্দুকৰ ৰখীয়া আছিল।


তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্বন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে।


সেই দিনা এটা ডাঙৰ শিঙা বজোৱা হ’ব; আৰু অচূৰ দেশত নষ্ট হ’ব লগাসকল আৰু মিচৰ দেশলৈ বন্দী কৰি নিয়া লোকসকল আহিব; তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ পৰ্ব্বতত যিহোৱাৰ আৰাধনা কৰিব।


এই হেতুকে দায়ূদে তেওঁৰ লগত যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত থলেগৈ।


ওবেদ-ইদোমৰ পুত্র সকল: প্রথম পুত্র চময়িয়া, দ্বিতীয় যিহোজাবদ, তৃতীয় যোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন