Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 বংশা 13:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ’ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 13:4
6 পৰস্পৰ সংযোগসমূহ  

তাতে সকলো লোকে তেওঁৰ এই ব্যৱহাৰ দেখি সন্তোষ পালে; আৰু ৰজাই যি যি কৰিছিল, তাতো সকলো লোকে সন্তোষ পাইছিল।


আহাঁ আমাৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমি নিজৰ ওচৰলৈ উভটাই আনোহঁক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলোঁ।”


সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।


এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।


ইষ্টেৰে ক’লে, “যদি ৰজাই ভাল দেখে; আৰু মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ। মই যদি ৰজাক সন্তুষ্ট কৰিব পাৰিছোঁ; আৰু এই কাৰ্য যদি ৰজাই উচিত বুলি ভাবে, তেনেহলে অগাগীয়া হম্মদাথাৰ পুত্র হামনে, ৰজাৰ আটাই প্ৰদেশত থকা যিহুদী লোক সকলক ধ্বংস কৰিবৰ অৰ্থে লিখা পত্ৰবোৰ বাতিল কৰিবলৈ ৰজাই লিখিত আজ্ঞা দিয়ক।


তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন