Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 12:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 বিন্যামীনৰ পৰা চৌলৰ জাতিৰ তিনি হাজাৰ লোক আছিল। এই সময়লৈকে তেওঁলোকৰ বেছি ভাগ লোক চৌলৰ বিশ্ৱাসী হৈ আছিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 12:29
7 পৰস্পৰ সংযোগসমূহ  

তেওঁলোক ধনুৰ্দ্ধৰ, সোঁ আৰু বাওঁ হাতেৰে ফিঙ্গাৰ শিল মাৰিবলৈ, আৰু ধনুৰে কাঁড় মাৰিবলৈ নিপুণ আছিল। তেওঁলোক বিন্যামীনীয়া চৌলৰ জাতিৰ লোক আছিল।


তেওঁ নিজৰ আত্মীয়স্বজনক লগত লৈ যাকোবৰ পাছে পাছে খেদি গৈ সাত দিনৰ পথ গ’ল আৰু গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁক লগ পালে।


অবনেৰে বিন্যামীনৰ লোকসকলৰ লগত ব্যক্তিগতভাৱে কথা হ’ল৷ তাৰ পাছত ইস্ৰায়েল বংশ ও বিন্যামীনৰ গোটেই বংশই যি সম্পূর্ণ কৰিবলৈ ইচ্ছা কৰিছিল, সেই বিষয়ে অবনেৰে দায়ূদৰ আগত জনাবৰ বাবে হিব্ৰোণলৈ গ’ল।


ইফ্ৰয়িম সকলৰ মাজত বিশ হাজাৰ আঠ শ যুদ্ধাৰু আছিল, তেওঁলোক নিজৰ পিতৃ পৰিয়ালত নামজ্বলা লোক আছিল।


অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷


লেবীয়া জাতিৰ বাবে কমূৱেলৰ পুত্ৰ হচবিয়া নেতা আছিল। আৰু হাৰোণৰ বংশধৰসকলক চাদোকে নেতৃত্ব দিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন