Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 12:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 যুদ্ধলৈ সু-সজ্জিত সৈন্য দলৰ এইখন লিপিৱদ্ধ নথি পত্র, যি সকল হিব্ৰোণলৈ দায়ূদৰ ওচৰলৈ আহিছিল, যাতে যিহোৱাৰ বাক্য অনুসাৰে চৌলৰ পৰা ৰাজ্য লৈ তেওঁক দিব পাৰে।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 12:23
13 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখুৱালে।


যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহেমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”


সেই যজ্ঞলৈ যিচয়ক নিমন্ত্ৰণ কৰিবা, আৰু তুমি কি কৰিব লাগে, মই তোমাক দেখুৱাম; মই তোমাৰ আগত যিজনৰ বিষয়ে ক’ম, তুমি মোৰ কাৰণে সেই জনকেই অভিষেক কৰিবা।”


যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”


তেওঁ যিহোৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল। সেয়ে যিহোৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিচয়ৰ পুত্ৰ দায়ূদক দিলে।


এতিয়া তাকে কৰাহঁক৷ কিয়নো যিহোৱাই দায়ূদৰ বিষয়ে কৈছিল, বোলে, ‘মই নিজ দাস দায়ূদৰ হতুৱাই মোৰ প্ৰজা ইস্ৰায়েলক পলেষ্টীয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম’।”


যিহূদাৰ যি সকল লোক ঢাল আৰু যাঠী ধৰি যুদ্ধলৈ সাজো হৈছিল তেওঁলোক ছয় হাজাৰ আঠ শ আছিল।


যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন