1 বংশা 12:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201920 দায়ুদ যেতিয়া চিক্লগলৈ গ’ল, তেতিয়া মনচিৰ যিসকল লোকে তেওঁৰ সৈতে যোগ দিছিল, তেওঁলোক হ’ল অদলহ, যোজাবদ, যিদীয়েল, মীখায়েল, যোজাবদ, ইলীহূ, আৰু চিল্লাথয়, মনচি সহস্রপতি আছিল। অধ্যায়টো চাওক |
তেতিয়া ফিলিষ্টীয়া অধিপতিসকলে সুধিলে, “এই ইব্ৰীয়া লোকসকলে ইয়াত কি কৰি আছে?” তেতিয়া আখীচে পলেষ্টীয়া অধিপতি সকলক উত্তৰ দি ক’লে, “সেই মানুহ জন ইস্ৰায়েলৰ ৰজা চৌলৰ দাস দায়ুদ নহয় নে? তেওঁ ক’ত দিন আৰু ক’ত বছৰ মোৰ লগত বাস কৰি আছে; আৰু তেওঁ যেতিয়াৰে পৰা মোৰ ফলীয়া হ’ল, তেতিয়াৰে পৰা আজিলৈকে মই তেওঁৰ কোনো দোষ পোৱা নাই।”
চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”
কিন্তু তেওঁৰ ওপৰত পলেষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে?