Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 পিতৰ 3:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ টা আত্মা সেই জলৰ পৰা ৰক্ষা পালে৷

অধ্যায়টো চাওক কপি কৰক




1 পিতৰ 3:20
28 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল।


বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।


এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”


যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।


তেতিয়া নোহে তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল।


ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।


কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।


যি দিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেই দিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ তিনিজন পুত্র চেম, হাম, যেফৎ আৰু তিনিগৰাকী পুত্র-বোৱাৰী জাহাজত গৈ উঠিল।


মনত ৰাখিব, আমাৰ ঈশ্বৰৰ দীৰ্ঘ-সহিষ্ণুতাই আপোনালোকক পৰিত্রাণৰ সময় দিছে; এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও ঈশ্বৰে দিয়া জ্ঞান অনুসাৰে আপোনালোকলৈ লিখিলে;


ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে,


হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।


তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।


পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে।


মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।


কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।


তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷


এতিয়া আপোনালোকৰ নিজৰ বিশ্বাসৰ ফল আপোনালোকে গ্ৰহণ কৰিছে, সেয়া আপোনালোকৰ আত্মাৰ পৰিত্রাণ৷


আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।


আপোনালোকে সকলোৱে ভ্ৰান্ত মেৰৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিল; কিন্তু এতিয়া আপোনালোকৰ আত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ আপোনালোক উভতি আহিছে৷


সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে৷


এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন