Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 থিচলনীকীয়া 5:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক।

অধ্যায়টো চাওক কপি কৰক




1 থিচলনীকীয়া 5:13
21 পৰস্পৰ সংযোগসমূহ  

লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।”


সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;


যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।


শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।


কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,


শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।


মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ, তোমালোকে পৰস্পৰে ইজনে সিজনক প্ৰেম কৰিবা।


ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!


কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷


এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সকলো সময়ত সকলোভাৱে আপোনালোকক শান্তি দান কৰক। প্ৰভু আপোনালোক সকলোৰে সঙ্গী হওক।


এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।


যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।


মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল; বৰং ঈশ্বৰৰ এজন দূত, এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল।


যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।


এইদৰে ব্যৱস্থা কৰি তেওঁ নিজৰ ভায়েক-ককায়েকসকলক পঠাই দিলে। বিদায়ৰ সময়ত তেওঁ তেওঁলোকক ক’লে, “সাৱধান, বাটত তোমালোকে কাজিয়া-পেচাল নকৰিবা।”


ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন