Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 8:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 সেই কাৰণে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে চমূৱেলক ল’গ ধৰিবলৈ ৰামালৈ আহিল৷

অধ্যায়টো চাওক কপি কৰক




1 চমূ 8:4
8 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত তেওঁ ৰামালৈ ঘূৰি আহে, কাৰণ তাতেই তেওঁৰ ঘৰ আছিল; আৰু সেই ঠাইতো তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰে। আৰু সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।


এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ুদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।


যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।


তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।


তাৰ পাছত যি লোকসকলে চমূৱেলক ৰজা খুজিছিল, তেওঁলোকৰ আগত তেওঁ যিহোৱাৰ সেই সকলো কথা জনালে।


তেতিয়া যাবেচৰ বৃদ্ধ লোকসকলে তেওঁক ক’লে, “আমি ইস্ৰায়েল দেশৰ সকলো ফালে যেন দূত পঠাব পাৰোঁ এই কাৰণে আপুনি সাত দিন আমাক অকলে এৰি দিয়ক। কোনোৱে যদি আমাক উদ্ধাৰ নকৰে, তেন্তে আমি আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিম।”


পাছত অবনেৰে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলৰ লগত কথোপকথন কৰি ক’লে, “দায়ূদক তোমালোকৰ ওপৰত ৰজা পাতিবলৈ তোমালোকে পূৰ্বতে চেষ্টা কৰিছিলা।


পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন