Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 8:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তেওঁ উত্তম শস্যক্ষেত্ৰ, দ্ৰাক্ষাবাৰী, আৰু জিত গছৰ বাগিছাবোৰ তোমালোকৰ পৰা লৈ নিজ দাস সকলক দিব।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 8:14
7 পৰস্পৰ সংযোগসমূহ  

ইয়াৰ উপৰিও, অধিপতিজনে প্ৰজাসকলৰ আধিপত্যৰ পৰা তেওঁলোকক খেদাবৰ কাৰণে তেওঁলোকৰ আধিপত্যৰ পৰা একো নল’ব; মোৰ প্ৰজাসকলৰ এজনো নিজ আধিপত্যৰ পৰা ছিন্ন-ভিন্ন নহ’বৰ কাৰণে তেওঁ নিজ আধিপত্যৰ পৰাই তেওঁৰ পুত্ৰসকলক আধিপত্য দিব’।”


তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁক ক’লে, “তুমিয়েই জানো এতিয়াও ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ নকৰা? উঠা আৰু ভোজন কৰা; তোমাৰ মন আনন্দিত হওঁক। যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰী মই তোমাৰ কৰিম।”


তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে?’ আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।”


তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসবোৰক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে?


তেওঁ আপোনালোকৰ জীয়ৰী সকলকো সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবলৈ, ৰান্ধিবলৈ, আৰু চুলাত সেকি খাদ্য বনাবলৈ ব্যৱহাৰ কৰিব।


তোমালোকৰ শস্যৰ আৰু দ্ৰাক্ষাবাৰীৰ ফলৰ দহ ভাগৰ এভাগ লৈ নিজৰ কৰ্মচাৰী আৰু দাস সকলক দিব।


আহাবে নাবোতক ক’লে, “তোমাৰ দ্ৰাক্ষাবাৰীখন মোক দিয়া, মই তাক শাকৰ বাৰী কৰিম, কাৰণ সেয়ে মোৰ ঘৰৰ ওচৰতে আছে; মই তাৰ সলনি তোমাক তাতকৈ উত্তম আন এখন দ্ৰাক্ষাবাৰী দিম, বা যদি তুমি ইচ্ছা কৰা তেনেহলে তাৰ যি ৰূপ হ’ব, তাৰ মূল্যও তোমাক দিম।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন