Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 6:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তেওঁ বৈৎচেমচৰ লোকসকলৰ মাজৰ কিছুমানক আঘাত কৰিলে; কাৰণ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকলৈ চাইছিল; সেয়ে তেওঁ সত্তৰজন মানুহক বধ কৰিছিল৷ যিহোৱাই কৰা মহা-প্ৰহাৰ দেখি তেওঁলোকে বিলাপ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 6:19
14 পৰস্পৰ সংযোগসমূহ  

তেতিয়া কিন্তু তেওঁলোকে মৰা নপৰিবৰ বাবে পবিত্ৰ বস্তুবোৰ খন্তেকৰ বাবে চাবলৈ পবিত্রস্থানৰ ভিতৰলৈ নাহিব। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভিতৰত সোমাই কহাতীয়াসকলৰ প্ৰতিজনক নিজ নিজ কৰিবলগীয়া কামত আৰু নিযুক্ত কৰিব।”


যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা।


তেতিয়া উজ্জাৰ প্ৰতি যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ তেওঁৰ ভ্ৰান্তিৰ কাৰণে ঈশ্বৰে সেই ঠাইতে তেওঁক আঘাত কৰিলে৷ তাতে উজ্জাৰ সেই ঠাইত ঈশ্বৰৰ নিয়ম-চন্দুকটিৰ কাষতে মৃত্যু হ’ল।


ছাউনি উঠিব যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰ স্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তান সকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব লাগিব। এইবোৰেই কহাতৰ সন্তান সকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল।


কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।


কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?


কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।


লোকসকলে যেতিয়া সেই সমস্যাৰ কথা শুনিলে, তেতিয়া তেওঁলোকে শোক কৰিলে; আৰু কোনো এজনেও অলঙ্কাৰ পৰিধান নকৰিলে।


আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।


“তোমালোকে লেবীয়াসকলৰ মাজৰ পৰা কহাতীয়া গোষ্ঠীৰ বংশক উচ্ছন্ন হ’বলৈ নিদিবা।


পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যুদ্ধ যাত্ৰা কৰিলে; তাতে তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ অধীনত থকা বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন