Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 4:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 বাতৰি লৈ অহা মানুহজনে উত্তৰ দি ক’লে, “পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা ইস্ৰায়েলীসকল পলাইছে আৰু আমাৰ লোকসকল পৰাজিত হ’ল৷ আপোনাৰ দুজন পুত্ৰ হফনী আৰু পীনহচৰো মৃত্যু হ’ল, আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৱে লৈ গ’ল।”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 4:17
8 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহোৱাই চমূৱেলক ক’লে, “চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব।


ইয়াৰ চিন স্বৰূপে তোমাৰ দুজন পুত্ৰ হফনী আৰু পীনহচলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একে দিনাই মৃত্যু হ’ব।


মানুহ জনে এলীক ক’লে, “মই আজি সৈন্য সমূহৰ ওচৰৰ পৰা পলাই আহিলোঁ।” তেতিয়া এলীয়ে সুধিলে, “বোপা, তাত কি হৈ আছে?”


সেই মানুহজনে ঈশ্বৰৰ নিয়ম-চন্দুকৰ নাম লোৱাৰ লগে লগে এলী দুৱাৰৰ কাষত বহি থকা আসনৰ পৰা লুটিখাই পৰিল আৰু ডিঙি ভাঙি যোৱাত তেওঁৰ মৃত্যু হ’ল; কিয়নো তেওঁ বৃদ্ধ আৰু ভাৰযুক্ত পুৰুষ আছিল। তেওঁ চল্লিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিছিল।


নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।


তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।


মই এলী আৰু তেওঁৰ বংশৰ বিষয়ে যি যি কৈছিলোঁ, সেই সকলোকে প্ৰথমৰ পৰা শেষলৈকে সিদ্ধ কৰিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন