19 চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু যিহোৱাৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।
সেই সময়ত অবীমেলক আৰু তেওঁৰ সৈন্যদলৰ সেনাপতি ফীখোলে অব্ৰাহামৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ সকলো কাৰ্যতে ঈশ্বৰ আপোনাৰ সংগত আছে।
চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”
যিহোৱা যোচেফৰ সংগে সংগে থকাত তেওঁ এজন সফল ব্যক্তি হৈছিল। তেওঁ তেওঁৰ মিচৰীয় প্রভুৰ ঘৰত আছিল।
যিহোৱা যে তেওঁৰ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কার্যকে যিহোৱাই যে সফল কৰি তুলিছে, তাক তেওঁৰ প্ৰভুৱে দেখিছিল।
“যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইস্ৰায়েলক বিশ্ৰাম দিছে, সেই যিহোৱা ধন্য হওঁক; তেওঁ নিজ দাস মোচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিলে, সেই উত্তম প্ৰতিজ্ঞাৰ এটা বিষয়ো বিফল হ’ব দিয়া নাই।
এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”
যিহোৱাই যেহূৰ আগত যি কৈছিল, “তোমাৰ বংশৰ চাৰি পুৰুষলৈকে ইস্ৰায়েলৰ সিংহাসনত বহিব” সেয়া পূর্ণ হ’ল।
“যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম।
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
মইয়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,
সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব।
“চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।
তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।”
এনেদৰে যোহন বাপ্তাইজক বাঢ়িবলৈ ধৰিলে আৰু আত্মাত শক্তিশালী হৈ উঠিল; ইস্ৰায়েল জাতিৰ আগত মুকলিকৈ প্ৰকাশ হোৱাৰ আগলৈকে তেওঁ মৰুপ্ৰান্তত বাস কৰিছিল।
পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল।
কিন্তু এইদৰে যীচু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে; আৰু ঈশ্বৰৰ অনুগ্ৰহ সৈতে, মানুহৰ প্রেমত অধিককৈ বাঢ়ি যাব ধৰিলে।
শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আপোনালোকৰ লগত থাকক।
কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।”
প্ৰভু তোমাৰ আত্মাৰ লগত থাকক। তোমালোকৰ সৈতে তেওঁৰ অনুগ্ৰহ থাকক। আমেন৷
যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।
পাছত মহিলা গৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁৰ নাম চিমচোন ৰাখিলে। তাৰ পাছত সেই ল’ৰা বাঢ়ি ডাঙৰ হ’ল আৰু যিহোৱাই তাক আশীৰ্ব্বাদ কৰিলে।
এই সকলো চিন তোমালৈ ঘটাৰ পাছত, আমাৰ হাতে কৰিব খোজা সকলো কাম কৰিবা, কাৰণ যিহোৱা তোমাৰ লগত আছে।
এতিয়া ৰজাই তোমালোকৰ আগত অহা-যোৱা কৰি আছে; কাৰণ মই পকা চুলিয়া বৃদ্ধ হ’লো; আৰু মোৰ সন্তান সকল তোমালোকৰ লগত আছে। যুৱক অৱস্থাৰ পৰা এতিয়ালৈকে মই তোমালোকৰ আগত অহা-যোৱা কৰি আছিলোঁ।
দাসবোৰৰ এজনে ক’লে, “চাওক, বৈৎলেহেমীয়া যিচয়ৰ এজন পুতেকক দেখিলোঁ; তেওঁ বীণা বজোৱাত পাৰ্গত, পৰাক্ৰমী বীৰ, যুদ্ধাৰু, কথা কোৱাত বিবেচক, ৰূপৱান আৰু যিহোৱা তেওঁৰ লগত আছে।”
চৌলে দায়ূদলৈ ভয় কৰিলে, কাৰণ যিহোৱা তেওঁৰ লগত আছিল, কিন্তু চৌলৰ লগত নাছিল।
আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।
চৌলে দায়ূদক য’লৈকে যাবলৈ কয়, তালৈকে তেওঁ যায়, আৰু তেওঁ জয়ী হয়। চৌলে যুদ্ধাৰু সকলৰ ওপৰত তেওঁক প্ৰতিষ্ঠিত কৰিলে। এই কথাই সকলো লোকৰ দৃষ্টিত আনকি চৌলৰ দাসবোৰৰ দৃষ্টিতো আনন্দদায়ক হ’ল।
যিহোৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল’ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমূৱেল যিহোৱাৰ সাক্ষাতে বৃদ্ধি হ’ল।
কিন্তু চমূৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ’ল; যিহোৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহ প্ৰাপ্ত হ’ল।
কিন্তু দাস জনে তেওঁক ক’লে, “শুনক! এই নগৰত ঈশ্বৰ বিশ্বাসী এজন লোক আছে; তেওঁ সন্মানীয় ব্যক্তি, তেওঁ যি যি কয়, সকলো সিদ্ধ হয়; এতেকে আহক আমি এতিয়া সেই ঠাইলৈ যাওঁ; হয়তো আমি কোনবাটে যাব লাগে তেওঁ জনাব পাৰিব।”