Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 চমূ 28:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 চৌলে তাইক সুধিলে, “তেওঁ দেখাত কেনেকুৱা?” তাই ক’লে, “এজন বৃদ্ধ লোক উঠি আহিছে; তেওঁ দীঘল চোলাৰে ঢকা আছে।” তেতিয়া চৌলে তেওঁক চমূৱেল বুলি বুজি পালে আৰু আঁঠুকাঢ়ি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 28:14
7 পৰস্পৰ সংযোগসমূহ  

তেতিয়া এলিয়াই সেই ঠাই এৰি গ’ল আৰু চাফটৰ পুত্ৰ ইলীচাক লগ পালে; সেই সময়ত তেওঁ হাল বাই আছিল; বাৰ হাল ষাঁড়-গৰু তেওঁৰ আগত আছিল; আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল। তাতে এলিয়াই ইলীচাৰ ওচৰলৈ আগবাঢ়ি গ’ল আৰু নিজৰ গাৰ চাদৰখন তেওঁৰ গাৰ ওপৰত উৰাই দিলে।


ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”


এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।


যেতিয়া চমূৱেলে যাবলৈ মুখ ঘূৰালে, তেতিয়া চৌলে তেওঁৰ কাপোৰৰ আগভাগ ধৰিলে, আৰু সেইয়া ফাতি এৰাই গ’ল।


দায়ূদেও গুহাৰ পৰা বাহিৰ ওলাই, “হে মোৰ প্ৰভু মহাৰাজ,” এই বুলি চৌলক ৰিঙিয়াই মাতিলে। যেতিয়া চৌলে তেওঁলৈ ঘূৰি চালে তেতিয়া দায়ূদে মাটিলৈ তল মূৰ কৰি প্ৰণিপাত কৰিলে আৰু তেওঁক সন্মান দিলে।


তেতিয়া ৰজাই তাইক ক’লে, “ভয় নকৰিবা; তুমি কি দেখি আছা?” তাতে সেই মহিলাই চৌলক ক’লে, “এজন দেৱতা ভূমিৰ পৰা উঠি অহা দেখি আছোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন