18 তেওঁ পুনৰ ক’লে, “মোৰ প্ৰভুৱে আপোনাৰ দাসৰ পাছে পাছে কিন্তু খেদি আহিছে? মই নো কি কৰিলোঁ? আৰু মোৰ হাতত বা কি অনিষ্ট আছে?
অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে।
অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।
যিৰিমিয়াই চিদিকিয়া ৰজাক আৰু ক’লে, “আপোনাৰ বা আপোনাৰ পাত্ৰ-মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ, যে, আপোনালোকে মোক বন্দীশালত পেলাই দিছে?
যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”
আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছোঁ, তেনেহলে আপোনালোকে কিয় মোক বিশ্বাস নকৰে?
দায়ূদে ক’লে, “মই এতিয়া কি কৰিলোঁ? কেৱল এটা প্ৰশ্নহে সুধিছোঁ, নহয় জানো?”
তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”
দায়ূদে চৌলক ক’লে, “চাওক, দায়ূদে আপোনাৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি লোকসকলে কোৱা কথা আপুনি কিয় শুনে?