Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 26:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 26:12
7 পৰস্পৰ সংযোগসমূহ  

সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।


পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।


কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে।


সেই ৰাতি ৰজাই টোপনি যাব নোৱাৰিলে। ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত ঘটা ঘটনাৱলীৰ কাৰ্য-বিৱৰণী আনিবলৈ আজ্ঞা দিলে; আৰু তেওঁলোকে উচ্চ-স্বৰে ৰজাৰ আগত তাক পাঠ কৰিলে।


সেয়ে দায়ুদ আৰু অবীচয়ে সেই ৰাতি সেনাসকলৰ ওচৰলৈ গৈ দেখিলে যে, চৌল ছাউনিৰ ভিতৰত শুই আছে আৰু তেওঁৰ মূৰ-শিতানৰ ওচৰত তেওঁৰ যাঠী মাটিত খোঁচ মাৰি থোৱা আছে। অবনেৰ আৰু তেওঁৰ সেনাসকলে তেওঁৰ চাৰিওফালে শুই আছিল।


দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চাওক যি দিনৰ বিষয়ে যিহোৱাই আপোনাক কৈছিল সেইদিন আজিয়ে, ‘মই তোমাৰ শত্ৰুক তোমাৰ হাতত সমৰ্পণ কৰিম’ তাতে তোমাৰ যি ইচ্ছা, তাকে তালৈ কৰিবা।” তেতিয়া দায়ূদে গৈ গোপনে চৌলৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লে।


পাছত দায়ুদ আনফালে গ’ল আৰু পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; তেওঁলোকৰ মাজত বৰ বহল ঠাই আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন