Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 22:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 22:15
10 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত অবীগল নাবলৰ ওচৰলৈ আহিল; আৰু চালে, যে নাবল ৰজাৰ ভোজনৰ দৰে তেওঁৰ ঘৰত ভোজ পাতিছে, আৰু তেওঁ অতিশয় মাতাল হৈ আছিলা আৰু তেওঁৰ মন প্ৰফুল্লিত হৈ আছিল; এই হেতুকে অবীগলে ৰাতিপুৱা নোহোৱালৈকে সেই বিষয়ৰ একোকে তেওঁৰ আগত নক’লে।


এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।


আৰু অবচালোমৰ লগত যিৰূচালেমৰ পৰা দুশ নিমন্ত্ৰিত লোক গৈছিল।


ৰজাই উত্তৰ দি ক’লে, “অহীমেলক, তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব।”


তেতিয়া দায়ূদে যিহোৱাৰ পৰা সহায় বিচাৰিলে৷ তেওঁক সুধিলে, “মই পলেষ্টীয়াসকলক আক্ৰমণ কৰিম নে? আপুনি তেওঁলোকক মোৰ হাতত সমৰ্পণ কৰিব নে?” তেতিয়া যিহোৱাই দায়ূদক ক’লে, “আক্ৰমণ কৰা, কিয়নো মই নিশ্চয়ে ফিলিষ্টীয়াসকলক তোমাৰ হাতত সমৰ্পণ কৰিম।”


তেতিয়া দায়ূদে যিহোৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু যিহোৱাই তেওঁক ক’লে, “তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ, নুনি গছ কেই জোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ’বা।


তেতিয়া তেওঁলোকে ৰজাৰ পৰিয়ালসমূহক পাৰ কৰিবৰ কাৰণে আৰু তেওঁ যি ভাল দেখে, তাকে কৰিবৰ বাবে সিপাৰলৈ লৈ গৈছিল। ৰজাই যৰ্দ্দন পাৰ হোৱাৰ পিচত গেৰাৰ পুত্ৰ সেই চিমিয়ীই ৰজাৰ আগত দীঘল দি পৰি প্ৰণাম জনালে৷


আৰু চিমিয়ীই ৰজাক ক’লে, “মোৰ প্ৰভুৱে মোক অপৰাধী বুলি গণনা নকৰিব, মোৰ প্ৰভু মহাৰাজ যিৰূচালেমৰ পৰা ওলাই অহা দিনা আপোনাৰ এই দাসে যি অকৰ্ম কৰিছিল, তাক আপুনি সোঁৱৰণ কৰি মনত নাৰাখিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন