27 ন-জোনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও দায়ুদৰ আসন শূণ্য হৈ থকাত চৌলে নিজৰ পুত্ৰ যোনাথনক সুধিলে, “যিচয়ৰ পুতেক কালি আৰু আজিও ভোজলৈ কিয় অহা নাই?”
ই জানো সেই বাঢ়ৈৰ পুতেক নহয়? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন, আৰু যিহূদা নহয় নে?
তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমুলীয়া৷
চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।
তাতে চৌলে দায়ূদক চাবলৈ বৰ্তাবাহকক পঠাই ক’লে, “মই বধ কৰিবৰ কাৰণে তেওঁক বিচনাৰে সৈতে মোৰ ওচৰলৈ লৈ আহা।”
সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সঁচাকৈ সি শুচি নহয়।”
তেতিয়া যোনাথনে উত্তৰ দি চৌলক ক’লে, “দায়ুদে বৈৎলেহেমলৈ যাবৰ কাৰণে বৰ আগ্ৰহেৰে মোৰ পৰা অনুমতি বিচাৰিলে;
দায়ূদে যোনাথনক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতেই ময়েই ৰজাৰ লগত ভোজনত বহিব লাগিব। কিন্তু তুমি মোক যাবলৈ দিয়া, মই তৃতীয় দিনৰ গধূলিলৈকে পথাৰত লুকাই থাকিম।
নাবলে উত্তৰ দি দায়ূদৰ দাসবোৰক ক’লে, “দায়ুদ কোন? আৰু যিচয়ৰ পুত্ৰ কোন? আজি-কালি নিজ মালিকৰ পৰা আঁতৰি যোৱা এনে বহুত দাস আছে।