20 তাতে মই লক্ষ্য কৰি মৰাৰ দৰে তিনিটা কাঁড় মাৰিম।
আপুনি পৰহিলৈ অতি বেগাই নামি আহিব, আৰু আগেয়ে যি ঠাইত আহি লুকাই আছিল, সেই ঠাইলৈ আহি এজল নামৰ শিলটোৰ ওচৰত লুকাই থাকিব।
আৰু মই এজন ডেকা ল’ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক’ম, ‘যোৱা আৰু কাঁড়বোৰ বিচাৰা’। যদি মই সেই ডেকা ল’ৰাক কওঁ, কাঁড় কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা’; তেনেহলে আপুনি আহিব। কিয়নো কোনো ভয় নাই, যিহোৱাৰ জীৱনৰ শপত তোমাৰ মঙ্গলহে হ’ব।
তেওঁ সেই ডেকা ল’ৰাক ক’লে, “দৌৰ আৰু মই মাৰি পঠোৱা কাঁড়বোৰ বিচাৰি আন।” তাতে ল’ৰাটিয়ে দৌৰ মাৰোতে তেওঁ তাৰ সিফালে পৰাকৈ কাঁড়বোৰ মাৰিলে।