15 তাৰ পৰিবৰ্তে তেল পোৰাৰ পূৰ্বে, পুৰোহিতৰ দাস আহি বলিদান দিয়া জনক কয়, “পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙহ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙহ নলয়, কিন্তু কেঁচা মঙহহে ল’ব।”
তোমালোকে তাক কেঁচাই, নাইবা পানীত সিজায়ো নাখাবা; তাৰ পৰিৱৰ্তে মুৰ, ঠেং, আৰু তাৰ ভিতৰত থকা অংশই সৈতে জুইত খৰিকাত দিহে খাবা।
তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব; সেয়ে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য দ্ৰব্য; সকলো তেল যিহোৱাৰ উদ্দেশ্যে হ’ব।
কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
তেখেত সকলৰ শেষগতি সৰ্ব্বনাশ, পেটেই তেখেত সকলৰ ঈশ্বৰ, নিজ নিজ লাজত তেখেত সকলৰ গৌৰৱ আছে, তেখেত সকলে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে।
তেওঁলোক হ’ল, আপোনালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ। তেওঁলোকে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে; তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ; তেওঁলোক হেমন্ত-কালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উঘালি পৰা গছ;
আৰু লোহাৰ পাত্ৰত, বা কেৰাহীত, বা কেটলিত, খোঁচ মাৰি দিয়ে, তাতে সেই ত্ৰিশূলত যিবোৰ মঙহ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই ত্ৰিশূল ডালেৰে সৈতে লৈ যায়। ইস্ৰায়েলৰ যিমান লোক চীলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে।
কিন্তু মানুহজনে যদি তেওঁক কয়, “প্ৰথমে তেলখিনি পোৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল’ব”, তেতিয়া তেওঁ কয়, “নহয় এতিয়াই মোক দে, নিদিলে, বলেৰে লম।”