18 এইদৰে পাছত দায়ূদে পলাই গৈ ৰক্ষা পালে আৰু তেওঁ ৰামাত থকা চমূৱেলৰ ওচৰলৈ গৈ তেওঁৰ প্ৰতি কৰা ব্যৱহাৰৰ কথা তেওঁক ক’লে। তাৰ পাছত তেওঁ আৰু চমূৱেল দুয়ো গৈ নায়োতত নিবাস কৰিলে।
মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”
এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।
তাৰ পাছত চমূৱেল ৰামালৈ গ’ল আৰু চৌল গিবিয়াত থকা নিজৰ ঘৰলৈ গ’ল।
পাছত চৌলক কোনোবাই ক’লে যে, “দায়ুদ ৰামাৰ নায়োতত আছে।”
তেতিয়া তেওঁ নিজে ৰামালৈ গৈ চেখুত থকা ডাঙৰ গভীৰ নাদটোৰ কাষ পালে, তেওঁ সুধিলে, “চমূৱেল আৰু দায়ুদ ক’ত আছে?” তেতিয়া কোনো এজনে আহি তেওঁক ক’লে, “তেওঁলোক ৰামাৰ নায়োতত আছে।”
তেতিয়া চৌলে ৰামাৰ নায়োতলৈ গ’ল। ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰতো আহিল, আৰু ৰামাৰ নায়োত নোপোৱালৈকে তেৱোঁ ভাববাণী প্ৰচাৰ কৰি গৈ থাকিল।
তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”
আখীচৰ দাসবোৰে তেওঁক ক’লে, “এই মানুহ জন জানো দেশৰ ৰজা দায়ুদ নহয় নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাই নে - “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক?”
চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে।
তাৰ পাছত তেওঁ ৰামালৈ ঘূৰি আহে, কাৰণ তাতেই তেওঁৰ ঘৰ আছিল; আৰু সেই ঠাইতো তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰে। আৰু সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।